Don't wanna be here? Send us removal request.
Text
উদ্বেগ
হঠাৎ কঁপি উঠিছে বুকুখন
যেন কোনো কোলাহলৰ ধুমুহা লৈ
পোহৰ হেৰুৱা এটা ৰূমৰ মাজভাগত
দুখন কঁপা হাতে খামুচি লৈছে
এলান্ধু ৰঙী জেকা কলম
আৰু অলপ শুকান পাত।
শুকান পাতবোৰৰ ওপৰত ক'লা ৰঙৰ
শব্দ উপঙিচে একা বেঁকা কৰে,
কঁপি থকা হাতখনত অনুভৱে চেপি ধৰিছে ,
ভাৱৰ সিপাৰে কাহিনীবোৰ জ্বলিছে অনৰ্গলে ।
কিজানি ক'ৰবাত কান্দোনবোৰো চিঠি হৈ পৰিছে
কঁপা হাতত সেইয়াও অনুভৱ হৈ লাগি ধৰিছে।
পাহাৰত দুখ অলপ লাগিছিল তাহানিতে ।
কঁপা হাতখনে আঁচল এখন টানি দিছে
কিজানি, আঁচলৰ আঁৰত শুই যায় দুখ
ওমলি উঠে সেউজ ৰঙী সুখ।
বুকুখন জোৰ কৰি খামুচি ��ৰিছে
কঁপা কঁপা হাত দুখনে ।
চঞ্চল হৈ উঠা অভিমানবোৰক সাৱতি ধালি দিছে
এলান্ধু ৰঙী কলমৰ চিয়াঁহীত হৃদয় ধোৱা ৰস।
কঁপা হাতখন এইবাৰ ক্ষন্তেক থমকিছে ,
আন্ধাৰ লগা দুচকুত
নিয়ৰসনা পোহৰ চতিওৱাৰ প্ৰয়াস চলিছে।
1 note
·
View note